পৃষ্ঠা:পাঠ-মালা.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জল-জন্তু An aquatic animal. ১১ পাঠ। তিমি ( The Whale. ) ই এবিধ সাগৰৰ জন্তু। স্থলচৰবিলাকৰ ভিতৰত যেনেকৈ হাতী, তেনেকৈ জলচৰবিলাকৰ ভিতৰত তিমি ডাঙৰ জন্তু ৷ কিন্তু হাতীও তাৰ সমান নহয়। এটা সম্পূর্ণ বয়স পোৱা তিমি দীঘলে ৪০ বা ৪৫ হাত, আৰু তাৰ গাৰ মেৰ প্ৰায় ৷ ৩ হাত হব। তাৰ শৰীৰৰ পৰিমাণ যেনে বৃহৎ বলে৷ তেনে অপৰিমিত ৷ সি নিজে ছাটি মাৰিয়েই এখন নাও বুৰাব পাৰে আৰু তাৰ বেগো শক্তিৰ অনুৰূপ৷ সাধাৰণ গতিত সি এক ঘণ্টাত দুই ক্রোশ যায়। কিন্তু ভয় পালে চাৰি ক্ৰোশ, আঠ ক্রোশে৷ যাব পাৰে ৷ কতিয়াবা সি মূৰটো পানীৰ তলত থৈ তাৰ ঠৰ৷ আৰু বলৱান নেজ পোনেই ওপৰলৈ তুলি এনে প্রবলৰূপে পানীত কোবায় যে, তাৰ শব্দ বহুত দূৰলৈকে শুনা ! যায় ৷ তেতিয়া সাগৰ ফেনেৰে আৰু আকাশ বাষ্পেৰে পূৰ হয় । কিন্তু এই তিমি যদিও ইমান ডাঙ্গৰ আৰু বলৱান তথাপি তাৰ গা-ৰক্ষা, শত্ৰুক আক্ৰমণ কৰিবৰ নিমিত্তে কোনো অস্ত্র নাই ; সি বৰ ভয়াতুৰ ; কোনো নাও অহা দেখিলেই তৎক্ষণাৎ বুৰ মাৰি পানীৰ তললৈ যায়। তথাপি সি পীড়া পালে ভয়ানক সাহ নেদেখাই নেথাকে, তেতিয়া যিয়েই তাৰ সমুখত পৰে তাকে সি ভাঙ্গি চূৰ্ণ কৰে ।