পৃষ্ঠা:পাঠ-মালা.pdf/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । দৰে পানীতো নম্ৰভাব দেখায়, আৰু কেতিয়াও নৈত যাতায়াত কৰা নাৱক আক্ৰমণ নকৰে; কিন্তু কোনো প্ৰকাৰে তাৰ খং উঠিলে নাও আৰু নাৱৰীয়া দুয়ো সঙ্কটত পৰে। বামত থাকোতে পানী-ঘোৰাক কোন শত্ৰুৱে খেদি আহিলে সি যদি তাৰ কোনো প্ৰতিকাৰ কৰিবৰ উপায় নেদেখে, তেন্তে লৰ মাৰি পানীত পৰে গৈ। তাৰ মাইকীয়ে বামত পোৱালি জগায় ; আৰু একে ! বাৰতে এটাতকৈ সৰহ পোৱালি নহয়। এনে সময়ত তাই বৰ । ভয়াতুৰ হয়, আৰু অলপ হাই শুনিলেই লৰ দি পানীত পৰে ৷ তাইৰ পোৱাৰিলেও তাইৰ পাচতে লৰিগৈ পানীৰ আশ্ৰয় লয় । ৫. ৬ পাঠ। কেঁটেলা-পলু ( The Porcupine. ) এই জাতিৰ জন্তুক আসাম দেশৰ সকলে৷ লোকে দেখিছে। তাক গোটেইটো গা বাৰ আঙ্গুল-মান দীঘল বহুত শলাৰে আবৃত ৷ শলাবিলাকৰ মাজ-ভাগ দুই মূৰতকৈ শকত আৰু কলা ৷ সেইবিলাক চৰাইৰপাখিৰ দৰে পাচ ফাললৈ মুখ কৰি তাৰ গাত গজে, আৰু তাৰ খং উঠিলে থিয় হয় । কেঁটেলাৰ সেই প্রবল অস্ত্র আনক আক্রমণ কৰাতকৈ তাৰ গা ৰাখিবৰ নিমিত্তে অধিক উপযোগী ; এতেকে সি কেতিয়াও আনলৈ খেদি নেযায় । কিন্তু আনে তাক আক্ৰমিলে সি কেৱল তাৰ শলাবিলাক থিয়, আৰু শত্ৰুৰ ফাললৈ পোন কৰি ৰৈ থাকে,