পৃষ্ঠা:পাঠ-মালা.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা ক্ষুদ্র বস্তুকে৷ ধৰিব পাৰে। শুঁড়ৰ পাচ ফাল অলপ চেপেটা, আগ ফাল গোল, আৰু তাক সকলো ফাললৈ দোঁৱাৰ পাৰি; এই হেতুকে সি মানুহৰ হাত আৰু বাহুৰ কাৰ্য্য কৰে। হাতীয়ে দাঁতৰ দ্বাৰা গছ, আৰু শুঁড়ৰ দ্বাৰা ডাল ভাঙ্গে। কল গছ ইহঁতৰ প্ৰধান খায় ৷ মখনা বা মতা হাতীৰ শুঁড়ৰ দুয়ে৷ ফালেদি দুটা দীঘল দাঁত ওলায়৷ সেই দাঁত বগা আৰু মূল্য- বান! হাতীয়ে অনায়াসে শিকনি লয়, আৰু এই কথাত সি আন অনেক চতুষ্পদী জন্তুতকৈ অধিক বুদ্ধিমান। লঙ্কা উপদ্বীপত মানুহে হাতীক শিকাই শিল বা ইটৰ ঘৰ আদি সজ৷ কাৰ্য্যত নিযুক্ত কৰে ৷ সি মানুহৰ দৰে ইটা আৰু শিল পাৰে আৰু সেই শিল-আদি ভালকৈ খাইছে নে নাই জানিবৰ নিমিত্তে পাচলৈ হুহঁকি গৈ স্থিৰ ভাৱে চাই থাকে, আৰু কোনো দোষ দেখিলে আগ বাঢ়ি শুঁড়েৰে শিল-আদিক ভালকৈ খুৱাই দিয়ে। S বনৰীয়া হাতীবিলাক প্রায়ে একে লগে থাকে আৰু সময়ে সময়ে খেতিৰ অনিষ্টও কৰে । বহুত মানুহে বলে নোৱৰা গছ আদি এটা হাতীয়ে সহজে লৈ যাব পাৰে । ৪৬ ৪ পাঠ। গঁড় ( The Rhinoceros.) গড় এবিধ বলৱান জন্তু। কেৱল হাতীতকৈ মাথোন নীহ। সি প্রায় হাতীৰ সমান ডাঙ্গৰ, কিন্তু তাৰ ঠেং চুটি ; আৰু কপালত এটা শিং থাকে, তাৰ নাম খড়গ। তাৰ ওপৰ