পৃষ্ঠা:পাঠ-মালা.pdf/৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ইমান ক্ষুদ্ৰ আৰু অনুজ্জ্বল যে, আগেয়ে অনেকে তাক গোটেই কণা বুলি ভাবিছিল । আৰু সি চকুৰে নেদেখে, এতেকে তাৰ শুনা শক্তি বৰ প্ৰবল, সি ভালেমান আঁতৰত শত্ৰু অহাৰ শব্দ শুনি আপোনাৰ ৰক্ষাৰ উপায় কৰে। সি মাটিৰ তলত গাঁত খানিব লাগে, এই দেখি তাৰ আগঠেঙ্গৰ নখবোৰ চোক৷, আৰু পতা বহুল । মাটিৰ তলত দীঘল নেজৰ কোনো প্রয়োজন নাই, আৰু সি থাকিলেও এখন ভাৰ মাথোন হলহেঁতেন। এই কাৰণে তাৰ সেই অঙ্গটো নিচেই চুটি । উতনুৱাৰ যেনে স্বভাৱ, তালৈ চালে তাৰ গাৰ গঢ় আন প্ৰকাৰৰ হোৱা যে নিচেই অনুচিত, তাক অনায়াসে বুজিব পাৰি ৷ প্রত্যেক জাতিৰ জন্তুবিলাকৰ গাৰ গঢ় সেই জাতিৰ যেনে উপযুক্ত সিহঁতৰ শৰীৰ ঢাকনীও তেনে৷ কোনো জাতি জন্তুৰ নোম, কোনো জাতিৰ পাখি, কোনো জাতিৰ কাঁইট, গাৰ আচ্ছাদন; কিন্তু সেই ঢাকনি প্রত্যেক জাতিৰ স্বভাৱৰ ইমান উপযোগী যে যদি এবিধ জন্তুৰ আচ্ছাদন আন এবিধক দিয়া যায়, তেন্তে আত্মৰক্ষা, আৰু শীত নিবাৰণৰ সম্বন্ধে তাৰ অৱস্থা গোটেই বেয়৷ হয় ৷ চৰাইবিলাকৰ আকাশত উৰি ফুৰা স্বভাব ; এতেকে সিহঁতৰ সেই কাৰ্য্যৰ সম্পূৰ্ণৰূপে উপযোগী পাখা আছে ৷ সেই পাখিবিলাক লঘু, আৰু পাচ ফাললৈ মুখ কৰি জাঁপি দিয়া হৈছে। সেই পাথিৰ দ্বাৰ৷ চৰাইবিলাকৰ অকল শোভা মাথোন হয়, এনে নহয়, তাৰ দ্বাৰা সিহঁত পানী বতাহ আৰু জাৰে বিন্ধিব নোৱৰাও হয়। বামৰ চাৰাইতকৈ পানীত সাঁতুৰি ফুৰ৷ চৰাইৰ বুকুৰ পাখি অধিক ডাঠ ; এই কাৰণে সাঁতোৰোতে তাক পানীয়ে 89