পৃষ্ঠা:পাঠ-মালা.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। মাথোন থাকে। আমি জানোহঁক যে যি পৰ্য্যন্ত পোৱালিবিলাকে আপুনি চাৰ ফুৰিব, আৰু আপোনাকে৷ ৰক্ষা কৰিব পৰা নহয়, তেতিয়ালৈকে মাকে সিহঁতক নিজৰ লগত ৰাখি প্ৰতিপাল কৰে, কিন্তু যেতিয়াই সেই প্রতিপালৰ আৱশ্যক গুচে, তেতিয়াই সিহঁতৰ লগ এৰাএৰি হৈ এট৷ আনটোৰে নিচিন৷ হয় আৰু জন্তুবিলাকৰ যি সময়ত অপত্য-স্নেহ থাকে, তেতিয়া সি বৰ প্ৰৱল ; জ্ঞান বুদ্ধি থকা মানুহৰে৷ সিমান নহয়। কোনো এজন ইংৰাজী বৈদ্য ব্যৱচ্ছেদ-বিদ্যাৰ অভ্যাস কৰোঁতে এজনী জীয়৷ কুকুৰাৰ পেট ফালিছিল, তাতে তাই যাতনাত মূৰ্চ্ছিত হৈ পৰি থাকোঁতে তাইৰ পোৱালি এটা তাইৰ ওচৰলৈ অনা হল, তেতিয়া তাই পোৱালিৰ গম পোৱ৷ মাত্রেই তাইৰ যেন একে৷ দুখ হোৱা নাই, এনেভাৱে পোৱালিটোক চেলেকিবলৈ ধৰিলে, আৰু তাক আঁতৰাই লৈ গলতো তাৰ ফাললৈ চাই শোকৰ ধ্বনি কৰি বেজাৰ প্ৰকাশ কৰিছিল। জন্তুৰ চেনেহ পিতা-মাতাৰপৰা সন্তানলৈ নামে ; কাৰণ সেই চেনেহৰ অভাৱত পোৱালিৰ ৰক্ষা হব নোৱাৰে, তাতে জন্তুৰ বংশ-ৰক্ষাত বিঘিনি জন্মে। কিন্তু বংশ-ৰক্ষাৰ নিমিত্তে পোৱালিয়ে বাপেক মাকক স্নেহ কৰাৰ সকাম নাই ; এই কাৰণে তাৰ মৰম ওপৰলৈ নুঠে । 8. কোনো কোনো জন্তুৱে এনে চতুৰতা দেখুৱায় যে মানুহৰে৷ তেনে আচৰিত চতুৰতা নাই ; কিন্তু সিও নিজৰ ৰক্ষা আৰু পৰচ বঢ়োৱা কাৰ্য্যৰ অঙ্গ মাথোন; এই দুই কথাৰ বাহিৰে সিহঁতৰ একো বোধ নাই বুলিলেও মিছা