পৃষ্ঠা:পাঠ-মালা.pdf/৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল৷৷ দৰে পষ্ট নহয়, তথাপি ভাটৌ-মইন৷ শালিকা-আদি কোনো কোনে৷ চৰায়ে মানুহৰ ভাষাও ভালকৈ ফুটাই কব পাৰে । মানুহৰ দৰে, জন্তুবিলাকৰ অভ্যাসৰ দ্বাৰা বহলাব পৰা বুদ্ধি নাই ৷ সিহঁতৰ নিজৰ ৰক্ষাৰ আৰু বংশ বৃদ্ধিৰ নিমিত্তে যিমানৰ আৱশ্যক, সেই পৰিমিত বোধ মাথোন আছে। তাৰ নাম “প্রাকৃত ব্যুৎপত্তি” *। সেই বোধ অলপ, সি নেবাঢ়ে, লুটুটেও। এই কাৰণে এজাতিৰ জন্তুৱে আন এজাতিৰ অৱস্থা দেখি মানুহৰ দৰে আপোনাৰ উন্নতি সাধন কৰিব নোৱাৰে। এই নিমিত্তেই সৃষ্টিৰ আদিৰেপৰা জন্তুবিলাকৰ অৱস্থা একে দৰেই আছে। ই বৰ আচৰিত কথা যে, প্রত্যেক জাতিৰ সকলো চৰায়ে ঠিক এক দৰেই বাহ সাজে, আৰু সেই কাৰ্য্য কৰিবলৈ শিকিব নেলাগে, স্বভাৱতে তাৰ জ্ঞান পায় । যদি কাউৰীৰ কণী এটা হাঁহৰ উমনিত জগাই পোৱালিটোক কেতিয়াও আন কোৱা দেখিবলৈ বা তাৰ মত শুনিবলৈ নিদি ভিতৰত ৰখা যায়, তেও সি আন কাউৰীৰ দৰে মাতিব, আৰু বাহে৷ সাজিব। এই বিষয়ত জন্তু- বিলাক মানুহতকৈও শ্রেষ্ঠ ; কিয়নো শিক্ষা নেপালে মানুহে কথা কবও নোৱাৰে ৷ কিন্তু কাউৰীয়ে টোকোৰাচৰাইৰ দৰে সুন্দৰ বাহ সাজিবৰ-শক্তি পোৱা নাই। এই কথাত হলে জন্তুবিলাক মানুহতকৈ নিকৃষ্ট। জন্তুবিলাকৰ অপত্য-স্নেহ, যেতিয়ালৈকে পোৱালিবিলাকৰ ৰক্ষাৰ নিমিত্তে অনিবাৰ্য্যৰূপে সি প্রয়োজনীয় হয়, তেতিয়ালৈকে ‘প্রাকৃত,—স্বাভাবিক ; ‘বুৎপত্তি—বোধ ; স্বভাৱতে হোৱা বোধ (instinct. ) 32