পৃষ্ঠা:পাঠ-মালা.pdf/২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । সেই হাঁফলুৰ গুৰিলৈ গৈ উচ্চৈঃস্বৰে বুলিলে, “হে ক্ষেত্রপাল দেৱতা ! তুমি যে ইয়াত আছা, তাক মই ইমান দিনে নেজানি- ছিলোঁ, এই কাৰণে হে তোমাৰ পূজা কৰা নাই ; কৃপা কৰি সেই দোষ ক্ষমা কৰা আৰু এই গাখীৰ খোৱ৷” এই কথা কৈ গাখীৰৰ মলাটো থৈ তেওঁ ঘৰলৈ গল । ১২ পাচ দিন৷ খেতি চাবলৈ আহি ব্ৰাহ্মণে সেই চৰুত এটা সোণাৰ মোহৰ পালে। তাতে বহু দিনলৈকে তেওঁ সেই দৰে সাপক গাখীৰ দি নিতৌ একোটা সোণৰ মোহৰ পাই আছিল । এদিন পুতেকক হাঁফলুত গাখীৰ দিবলৈ কৈ বামুণ অন্য এক গাৱঁলৈ গল ; তাতে তেওঁৰ পুতেকে সেই ৰূপে গাখীৰ দি ঘৰলৈ উলটি আহিল। আন দিন৷ সি সেই ঠাইত এটা সোণৰ মোহৰ পাই ভাবিলে, “এই হাঁফলুটে৷ সোণেৰে পূৰ হৈ আছে, সাপটোক মাৰিব পাৰিলেই সমুদায় মোহৰ একেবাৰেই পাম৷” এইৰূপে মনতে আলচি পাচ দিনা সি গাখীৰ দিবৰ ছলেৰে গৈ সাপৰ মূৰত টাঙ্গন মাৰিলে ; কিন্তু দৈবাৎ সেই আঘাত তাৰ গাত নেলাগিল । তাতে ব্ৰাহ্মণ পুত্ৰই তাৰ অনিষ্ট চেষ্ট৷ কৰা দেখি ক্রোধান্বিত হৈ সাপে তাক এনে মাৰাত্মকৰূপে খোঁট মাৰিলে যে, তৎক্ষণাৎ গতায়ুস হল । পৰ দিনা আকও গাখীৰ লৈ গৈ ব্ৰাহ্মণে উচ্চম্বৰে সাপক স্তুতি কৰিবলৈ ধৰিলে ; তাতে সাপে হাঁফলুৰ ভিতৰৰ পৰা উত্তৰ কৰিলে,—“বাপু! তুমি কেঁৱল ধনৰ লোভত ইয়ালৈ আহিছা। তোমাৰ পুত্ৰই যৌৱনৰ মদেৰে মত্ত হৈ মোৰ গাত প্ৰহাৰ কৰিলে ময়ে৷ তাক দংশিলে৷ ; এতিয়া তোমাৰ আৰু মোৰ মাজত প্রীতি থাকিব নোৱাৰে, মোৰ মনে সেই প্ৰহাৰৰ বেদনা কেনেকৈ