পৃষ্ঠা:পাঠ-মালা.pdf/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ১২৯ কৰিল৷।” ইয়াকে কৈ ইন্দ্ৰে, চিতাৰ ওচৰলৈ গৈ অপমৃত্যু- বিনাশক অমৃত বৰষিলে তাতে ৰজাৰ পুতেকে পুনৰায় জীৱন পাই সুকুমাৰ আৰু সুস্থশৰীৰ আৰু প্ৰসন্ন মনেৰে চিতাৰ পৰা নামিল। তেতিয়া হৰিশ্চন্দ্ৰ ৰজাই মৰা পুতেকক পুনৰায় পাই সভাৰ্যে অতি আনন্দিত হল আৰু ইন্দ্ৰক সম্বোধন কৰি বুলিলে, হে দেৱৰাজ! মোৰ গৰাকী চাণ্ডালৰ অনুমতি নোপোৱাকৈ ম‍ই স্বৰ্গলৈ যাব নোৱাৰো।” তাতে ধৰ্ম্মে ৰাজাক সম্বোধন কৰি কলে যে,হৰিশ্চন্দ্ৰক পৰীক্ষা কৰিবৰ কাৰণে তেৱেঁই চাণ্ডালৰ ৰূপ ধৰিছিল। পাচে ৰজাই ইন্দ্ৰৰ অনুমতি অনুসাৰে পুত্ৰ, ভাৰ্য্যা আৰু অযোধ্যা নগৰত থকা ভৃত্যবিলাকক লগত লৈ সশৰীৰে স্বৰ্গলৈ উঠিল 1 ১১ পাঠ। খনীনত্ৰেৰ উপাখ্যান ( The Story of Khoninetra. ) পূৰ্ব্বকালত খনীনেত্ৰ নামেৰে এজন৷ ৰজা আছিল। তেওঁ অপুত্ৰক হেতু পুত্ৰ পাবৰ কাৰণ পিতৃসকলক যজিবৰ ইচ্ছাৰে মাংস আহৰণ কৰিবৰ কাৰণ এদিন অকলশৰে ধেনু- কাঁড় লৈ আৰু ঘোৰাত উঠি বনলৈ গল। হাবিৰ ওচৰ পাওঁতেই এটা হৰিণাই ওলাই আহি, ৰজাক সম্বোধন কৰি কলে, “মহাৰাজ! মোক বধ কৰি আপোনাৰ বাঞ্ছা সিদ্ধি কৰোক।” পহুৰ কথাত আচৰিত হৈ ৰজাই বুলিলে, “মোক দেখিলে মৰিবৰ ভয়ত আন পহু পলাই যায়, তই স্বয়ং মৃত্যুৰ মুখত পৰিব খুজিছ ইয়াৰ কাৰণ