পৃষ্ঠা:পাঠ-মালা.pdf/১১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। 1 পদতো আপোনাৰ তলতীয়া ; এই বিলাক কাৰণৰ নিমিত্তে আপুনি নোহোৱাকৈ জন-সমাজত থাকিবলৈ মোৰ সাহ নজন্মে। আপুনি ধৰ্ম্মজ্ঞ ; এতেকে পৈতৃক ৰাজ্য গ্ৰহণ কৰি বন্ধু-বান্ধৱেৰে সৈতে তাৰ শাসন কৰোক। ধৰ্ম্ম-কাৰ্য্যৰ বিধি জনা মান্যবৰ বশিষ্ঠে, ইয়াত উপস্থিত থকা ব্ৰাহ্মণ আৰু প্ৰজাবিলাকেৰে সৈতে এই ঠাইতে আপোনাক ৰাজ্যত অভিষিক্ত কৰোক । আমাৰ দ্বাৰা অভিষিক্ত হৈ আপুনি আযোধ্যালৈ যাওক, আৰু ৰাজ্য- শাসন কৰি দেৱতা সকলেৰে সৈতে ইন্দ্ৰৰ দৰে শত্ৰুবিলাকক দমন কৰোক গৈ ৷ মানুহৰ জন্ম হলেই যে তিনটা ধাৰ লাগে, সেই বিলাকৰ পৰিশোধ কৰি মোক আপোনাৰ প্ৰজা বুলি জ্ঞান কৰোক এবং দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোক। আপুনি ৰজা হোৱাৰ নিমিত্তে আজি সন্তসকলে আনন্দ পাওক আৰু, দুষ্ট লোকবিলাক দণ্ডৰ ভয়ত দশো দিশে পলাই যাওক৷ আপুনি মোৰ মাতৃৰ বিদ্বেষ ক্ষমোক, আৰু নগৰগৈ উলটি গৈ আপোনাক বনবাসলৈ পাঠোৱাৰ বাবে পিতৃৰ যি দুৰ্ণাম হৈছে, তাকো দূৰ কৰোক । মই মূৰ দোৱাই প্ৰাৰ্থনা কৰিছোঁ, পৰমেশ্বৰে সকলো জীৱজন্তুৰ প্ৰতি যেনে কৃপা কৰে, আপুনি মোক আৰু মোৰ বন্ধুবৰ্গৰ প্ৰতি তেনে কৃপাদান কৰোক।” ১০৬