পৃষ্ঠা:পাঠ-মালা.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ১০১ ক্রোধ ত্যাগ কৰিব লাগে; কিন্তু অতি নম্ৰ হোৱাও অনুচিত। ক্রোধ আক ক্ষমা ; দুইকো উচিত সময় বুজি ব্যৱহাৰ কৰা হে যুগুত।” এই বিলাক কথা কৈ দ্রৌপদীয়ে আকও যুধিষ্ঠিৰক সম্বোধন কৰি কলে, ‘হে মহাৰাজ! পণ্ডিতবিলাকে সকলো সময়তে যিবিলাকক ক্ষমিবলৈ কৈছে, এতিয়া মই সেই বিলাকৰ কথা কওঁ শুনোক । পূর্বেব যাৰপৰা উপকাৰ পোৱা গৈছিল, তেওঁ কোনো জগৰ কৰিলে, পূৰ্বৰ্বৰ উপকাৰলৈ চাই তেওঁক ক্ষমা কৰা উচিত। সকলো মানুহ সমানে বিজ্ঞ নহয়, আৰু মানুহৰ ভ্ৰমো এতেকে আশ্রিত মানুহে বা নুবুজি কোনো লোকে কোনো অপৰাধ কৰিলে তেওঁ ক্ষমাৰ যোগ্য ; কিন্তু জানি বুজি কৰ! কাৰ্যক যি অজ্ঞানত কৰা বুলি আপত্তি কৰে, সি কপটী ; এতেকে তাৰ অপৰাধ লঘু হলেও তাক গুৰু দণ্ড কৰা উচিত। সকলোৰে প্ৰথম অপৰাধ ক্ষমিব লাগে। কিন্তু কোনোৱে পুনৰবাৰ অপকাৰ কৰিলে, সেই অপকাৰ ক্ষুদ্ৰ হলেও সি দণ্ডনীয়। ওপৰত কোৱা লোকবিলাক ক্ষমাৰ স্থল, তদ্ভিন্ন অন্য স্থলত ক্রোধ আছে । কৰিব লাগে ৷ মহাৰাজ ! ধৃতৰাষ্ট্ৰৰ পুতেকহঁত লোভী আৰু সদায় আপোনাৰ অহিত চিন্তে ; এতেকে সিহঁতৰ প্ৰতি আপোনাৰ খং উঠা উচিত। এতিয়া কৌৰব বিলাকক ক্ষম। কৰিবৰ সময় নহয়, সিহঁতক হিংসা কৰিবৰ হে উপযুক্ত কাল ৷ এই কাৰণে সিহঁতৰ ওপৰত ক্ৰোধ কৰা আপোনাৰ কৰ্ত্তব্য।” দ্রৌপদীৰ কথাৰ অন্তত যুধিষ্ঠিৰে উত্তৰ কৰিলে, “দ্রৌপদী ! ক্রোধেই মানুহৰ সুখ আৰু দুখৰ মূল। উচিত ঠাই আৰু