পৃষ্ঠা:পাঠ-মালা.pdf/১১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । তেওঁৰ ধনবস্তুকে৷ অপহৰণ কৰে, আৰু তেওঁৰ বাহন, বস্ত্র, অলঙ্কাৰ, শয্যা আৰু আসন এবং পান আৰু ভোজনৰ বস্তু- বিলাককে৷ ইচ্ছা হলেই নিজৰ ব্যৱহাৰত লগায়। গৰাকীয়ে কোনো বস্তু দিবলে আজ্ঞা কৰিলে সিহঁতে নিদিয়ে; অধিকাৰক যি সম্মান কৰিব লাগে, তাকে৷ নকৰে ৷ আৰু ক্ষমাৱন্ত লোকে মৃত্যুতকৈ গর্হিত অপমান পায়। এই বিলাকত বাজেও সদায় ক্ষমা কৰাৰ আন বিস্তৰ দোষ আছে।” ৩ পাঠ। দ্রৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথন ( সমাপ্ত ) ( Conversation between Draupadi and Judhisthira (concluded.) পদীয়ে বুলিলে, ‘মহাৰাজ ! ক্ৰোধৰপৰা মানুহৰ যি অনিষ্ট হয়, এতিয়া তাক শুনোক৷ যি উচিত কাল আৰু ঠাইৰ বিবেচনা নকৰাকৈ সদায় খং কৰে, সি আপোনাৰ খঙ্গৰ দ্বাৰায় আপোনাক বিপদত পেলায়। ক্ৰোধী মানুহৰ বন্ধুৰে সৈতে বিৰোধ হয় ; আপোন আৰু পৰ, সকলো লোকে তাৰ অহিত চিন্তে। খঙ্গাল মানুহে নিজ খঙ্গৰ গুণে বিবিধ দণ্ড পায়। তাৰ ধন, জন আৰু প্ৰাণে৷ যায় । যি শত্রু মিত্র নুবুজি খং কৰে সাপে বাহ লোৱা ঘৰৰ দৰে তাক মানুহে এৰে ; মানুহে যাক ত্যাগ কৰে, তাৰ কুশল কেনেকৈ হব? অলপ ছিদ্র পালেই মানুহে নিশ্চয়ে তাৰ অনিষ্ট কৰে । এতেকে অত্যন্ত