পৃষ্ঠা:পাখি লগা মন.pdf/৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
পাখি লগা মন

মানুহ হ’ব পাৰি। মই ধনী হমেই। বৰ দেউতাৰ দৰে ডাক্তৰ হ’ম। বৰ দেউতাৰ দৰে বিদেশতো পঢ়ি ভাল ডিগ্ৰী লৈ আহিম। চাবি, এদিন মই ধনী মানুহ হৈ ডাঙৰ ঘৰ সাজিম, গাড়ী লম আৰু যে ক’ত কি কৰিম। সেইবাবেই মই পঢ়াশুনাবোৰ ভালদৰে কৰো। দেউতাই নকয় জানো; ভালকৈ নপঢ়িলে কাৰণেই দেউতা কেৰেণী হ’ল। আৰু ভালকৈ পঢ়িলে কাৰণে বৰ দেউতা ডাক্তৰ হ’ল।’ পৱনে সুমনলৈ চালে।

 সুমনে ক’লে — ‘তই থাক, মই খেলিবলৈ যাওঁ।’ — সুমন গছৰ পৰা নামি খেলিবলৈ দৌৰ মাৰিলে।

 পৱনে সুমনৰ কথাবোৰ মন দি শুনিলে। সি ভাবিলে ভায়েকে দেখোন সঁচা কথাকে কৈছে। তাৰ মনটো সলনি হৈ পৰিল। নিজকে নিজে ক’লে — ‘ভাবি থাকিলেই নহ’ব। ভালকৈ পঢ়িবই লাগিব। যত্ন কৰিলে ৰত্ন পায়। সি পঢ়াত মনপুতি লাগিব। ভাল ৰিজাল্ট কৰি ডাক্তৰ হ’বই। এদিন সি পঢ়িশুনি ডাঙৰ মানুহ হৈ ৰিভৱ হঁতক দেখুৱাই দিব। আজিৰ পৰাই সি পঢ়াত মন দিব।

 পৱনৰ মনতো উৎফুল্লিত হৈ পৰিল। জাপ মাৰি সি গছৰ পৰা নামি সুমনৰ পিছে পিছে দৌৰ মাৰিলে।

• • • • •