পৃষ্ঠা:পাখি লগা মন.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ককাৰ কথাৰে

 –দেউতাকহঁতে মন নকৰিলেও আয়নে মন কৰিলে ইন্টাৰনেটত অষ্ট্ৰেলিয়াত থকা ৰিমা পেহীৰ লগত কথা পাতি থকাৰ মাজতে ককাকে হঠাতে উঠি বাহিৰলৈ গুচি গৈছে।

 আয়নো ককাকৰ পিছে পিছে আহিল। সি দেখিলেহি বাৰান্দাৰ আৰামী চকীখনত ককাকে চকুযোৰ জপাই বহি আছে।

 –‘ককা’ সি মাত দিলে।

 চকুযোৰ নেমালাকৈয়ে ককাকে ক’লে –‘হুঁ’

 –‘পেহীক বেয়া পাইছানেকি? অহা মাহত আহিবই দেখোন।’

 ককাকে সাউত কৰে সেমেকা চকুযোৰ মোহাৰি পেলালে। কথাটো কিন্তু আয়নৰ চকুত নপৰাকৈ নেথাকিল। সি ককাকৰ ওচৰতে বহি সুধিলে

 –‘ককা, পেহীলৈ মনত পৰিছে?’

 –‘নহয় অ’ বোপাই।'

 –‘তেন্তে?’

 –‘কথাবোৰ ভাবিছো।'

 – ‘কি কথা ককা?’

 –‘দিনবোৰ বৰ সলনি হৈ গ'ল অ’।’

 – ‘সলনি?’

 – ‘আগতে এনে সা-সুবিধা নাছিল। ইন্টাৰনেটত মুখ চাই কথা পতা দূৰৈৰ কথা চিঠি এখনৰ উত্তৰ পাবলৈ বাট চাই থাকিব লাগে।'

 – 'চিঠি?’

 –‘ওঁ। চিঠিৰে কথা-বতৰা হ’ব লাগিছিল।'