পৃষ্ঠা:পাখি লগা মন.pdf/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
অৰণ্যত এনিশা

পৰা তিনিশ মাইল, ‘গ্লভাৰ’ নামৰ চৰাইজাতে আক’ পাঁচশ পঞ্চাশ মাইল পৰ্যন্ত উৰিব পাৰে।

 — ‘ইহঁতৰ বাট ভুল নহয়নে খুড়া?’ অভিলাষত প্ৰশ্ন শুনি খুড়াই জোকালে

 — ‘ঠিক তোমালোকৰ দৰে?’ তাৰপিছত ক’লে—

 — ‘ইহঁতৰ বাট কেতিয়াও ভুল নহয়। সূৰ্য আৰু নক্ষত্ৰৰ সহায়ত নিজৰ বাটৰ চিন ৰাখি থয়।’

 —‘চৰাইবোৰ দেখোন বৰ বুধিয়ক।’ ৰিজুৱে বৰ স্ফুৰ্টি পালে। খুড়াই তাতে যোগ দি ক’লে—

 ‘নকবা বুজিছানে, পক্ষীবিদ সকলে এবাৰ ইউৰোপৰ ‘চোৱালো’ নামৰ চৰাই বিধৰ ওপৰত পৰীক্ষা এটা কৰি চাইছিল। সিহঁতৰ ঠেঙত পিন্ধাই দিয়া আঙুঠিৰ পৰা প্ৰমাণ পাইছিল যে — ছহেজাৰ মাইল দূৰলৈ গুচি যোৱা এইবিধ চৰাই প্ৰতিটো বছৰৰ এটি নিৰ্দিষ্ট দিনত পুনৰ একে ঠাইলৈ ঘূৰি আহে। এটা দিনো বেছি অথবা কম নহয়।’ অমৃতহঁতে কথাবোৰ শুনি উল্লাসিত হৈ পৰিল।

 — ‘পিছে এনেদৰে অহা-যোৱা কৰোতে মাজে সময়ে চৰাইবোৰ বিপদতো নপৰা নহয়। ১৯০৪ চনৰ ১৩ মাৰ্চৰ দিনা আমেৰিকাত হোৱা ঘূৰ্ণি বতাহৰ ফলত উত্তৰ মেৰুৰ পিনে গৈ থকা ‘স্নবান্টিং’ নামৰ প্ৰায় চাৰি লাখ চৰাই মৃত্যু মুখত পৰিছিল।’ খুড়াৰ কথা শুনি সিহঁতে ইস্‌ ইস্ আস্ আস্ কৰিবলৈ ধৰিলে, যেন শ শ চৰাইৰ কোমল দেহবোৰ সিহঁতৰ চকুৰ আগত সিচঁৰিত হৈ পৰিহে আছে।

 জুইৰ কাষৰ পৰা উঠি আহি খুড়াই মুকলি আকাশ খনলৈ চাই এঙামুৰি এটা দিলে। এতিয়া আৰু আকাশত ডাৱৰ নাই। জানুৱাৰী মাহৰ নিশাৰ আকাশত দ্বাদশী জোন। ফট্‌ফটীয়া নীলা আকাশ। পাহাৰত থকা ঘৰটোৰ চোতালৰ পৰা সিহঁতে দেখা পালে পাতল কুঁৱলিৰ মাজেৰে অহা জোনৰ পোহৰত নিশ্চুপ হৈ শুই থকা এখন নিৰ্জন পৃথিৱী। মাজে মাজে এচাতি শীতল বতাহে যেন আলফুলে হাত বুলাইহে যায়। অৰণ্যৰ