হেৰি বাটৰুৱা ভকত। কলৈ বা যায়? আহকচোন আহক, আজি আমাৰ ঘৰতে ভৰিৰ ধূলি পেলাই এসাজ খাই-বৈ যাওকহি আজি আমি অকলৈ ভাতমুঠি খাব লগীয়াত পৰিছোঁ! হৰি ভগৱন্তৰ নিগ্ৰহ!
২য় মানুহটো — ককাই, মই ইয়াৰে মানুহ; আমাৰ ঘৰৰ ঘৈণীৰ প্ৰসৱৰ পীড়া হৈছে, সেইবাবে লৰি বেজিনী আনিবলৈ যাওঁ
[ বেগাই প্ৰস্থান।
পাঁচনি — আজি আৰু আশা নাই! আজি আমাৰ দুৰ্দ্দিন!
( জাত লগাই গায়)।
“সেহিসে দিনক ভাই, দুৰ্দ্দিন বুলিয়া মানো,
মেঘাচ্ছন্ন নোহয় দুৰ্দ্দিন।
হৰিকথা অমৃতৰ সম্যকে-অমৃত পান,
যিটো দিন হোৱয় বিহীন॥”
মোৰ প্ৰভু! অজি ভাল দুৰ্দ্দিনটো মোলৈ সঁচি থৈছিলা?
( এটা চকু মুদা কানীয়াৰ প্ৰবেশ। দুৰ্দ্দিনৰ কথা ভাবি ভোঁ হৈ পাচনিৰ গাত কানীয়াই আওবাটে আহি উজুটি খাই পৰি, চকু মেলি ভয় খাই চিয়ৰে।)
কানীয়া — মাৰিলে ঔ মাৰিলে! মাৰিলে ঔ মাৰিলে। ৰাজআলিত দিন দুপৰত ডকাইত ঔ! ডকাইত!
পাঁচনি— (উচাপ খাই) এইটো কি!! ককাই, তোমাক