পৃষ্ঠা:পাঁচনি.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পাঁচনি

গৈছে৷’’ মই কলো “আলহী ভকত, আপুনি এইটো কি কথা কৈছে। আমাৰ ঘৰত মাছ আছে; লাগে যদি হাঁহ বা পাৰ এটাও মাৰি দিব পাৰোঁ ;আপুনি মেকুৰীপোৱালীটো খাব কেলৈ? মেকুৰী খাব নেপায়। আমি জানো কিবা অৰীতীয়া লালুং বৰাহি, নগা, ডফলা মানুহ? এনে জাত যোৱা পাপৰ কথা নকব। আমি হেন্দু মানুহ, কলিতা মানুহ৷ আমি ভকতীয়া মানুহ, আমাৰ গুৰুঘৰ গোসাইঘৰ আছে।” এই কথা শুনিয়েই আলহী উচাট মাৰি উঠি ভোঁ ভোঁ কৰে গুচি গল। মই নেযাবলৈ কত কলো, নুশুনিলে। এনে আচৰিত কথা দেখা শুনা নাইনে।

পাচনি—সঁচা নে?

পাচনিয়নী—মই নো তোমাক মিছা কথাষাৰ কৈছো নে? সেইটো মেকুৰিপোৱালী নহয়, তাৰ গাত হাত দি নোচাৱা কেলৈ, তিতি আছে।

পাচনি—(মেকুৰীপোৱালীটোৰ গাত হাত দি তিতা পাই) তেনেহলে গল ভালেই হল। কৰবাৰ অৰীতীয়া মানুহ। নগাই কি মিকিৰেই কি আন কি তেনে জাতৰ আবৰী মানুহ হবলা।

ঘৈণীয়েক --হব পায়, নহলে মেকুৰীপোৱালীটো খাবলৈ কিয় ওলাব? কথাষাৰ শুনিবৰেপৰা মোৰ কিবা বিকচিনা লাগি আছে। ৰাম ৰাম এই দেখিহে মই কালি তোমাক কৈছিলো, বোলো এনেবোৰ আলহী বিচাৰি ফুৰাৰ একো সকাম নাই। এনে আলহীতকৈ আমাৰ মেকুৰী কুকুৰ আলহীয়েই ভাল। এনে অচিনাকি আলহী অতিথি ফকিৰ ফকৰাৰু ঘৰত ঠাই দিয়াও ভাল নহয়; আমি পুইণ