ভৰিৰ ধুলি পেলাইছে, ৰাতিটো ইয়াতে খাই বৈ শুই থাকি কাইলৈ যাব। (উঠি গৈ ঘৈণীয়েকক লাহে লাহে শোধে) হেৰ, লোণ তেল আছে নে? নাই যদি ক, পোহাৰৰ পৰা লৰি গৈ আহোঁ গৈ।
পাঁচনিয়নী—আনাগৈ যোৱা, ঘৰত একো নাই।
পাঁচনি—যাওঁ তেন্তে, চুপিটো দে। মই এতিয়াই উভতি আহিম। চাবি যেন আলহীয়ে কোনো কথাত বিষম নাপায়। আকৌ কালিৰ দৰে যেন নহয়। কিবা বস্তু খুজিলে-মেলিলে তেতিয়াই দিবি, মোলৈ বাট চাব নেলাগে।
পাঁচনিয়নী—দিম, তুমি ভয় কৰিব নেলাগে যোৱাঁ।
[ পাঁচনিৰ প্ৰস্থান। ঘৈণীয়েকে মেকুৰী পোৱালীটো আনি আলহীৰ আগতে বহি, তাৰ গাত পানী ঢালি গা ধুৱায়।]
আলহী—আই, মেকুৰী পোৱালীটোৰ গাত গধূলি বেলিকা পানী ঢালিছে নো কেলৈ? জাৰত সি ঠেৰেঙা লাগিব।
পাঁচনিয়নী — লাগিব নোৱাৰিছে, এতিয়াই তাক মৈদাত কুটি বাছি পেলাম।
আলহী—(আচৰিত মানি) কি কৰিব আই?
পাঁচনিয়নী—কুটিবাছি ৰান্ধিবলৈ নিম।
আলহী —আই কি কৈছে? মেকুৰীপোৱালীটো ৰান্ধিবলৈ নিব কিয়?
পাঁচনিয়নী— নিনিলে আলহী শুধিমহঁক কিহেৰে? মাছ পহু হাঁহ পাৰ একো নাই; লৰালৰিকৈ পোৱাও নেযায়। আলহীক কিহেৰে ভাত এমুঠি খাবলৈ দিয়া হব? সেইদেখি আমাৰ বুঢ়াই মোক কৈ গৈছে, লৰালৰিকৈ মেকুৰীপোৱালীটোকে কুটি বাছি দিবলৈ।