পৃষ্ঠা:পাঁচনি.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পাঁচনি

ফুটাইদি ওলাই যায়। হাততে এজন নহয়, বোলো। দুজনকৈ আলহীক পাইও হেৰুৱালোঁ। (ঢেকীঠোৰাটো দূৰলৈ দলিয়াই পেলাই) কটা কুকুৰ-ধূলি ঢেকীঠোৰা! যা কত হয় মৰ গৈ। যেতিয়া মোৰ আলহী ভকতত তই লাগিবলৈকে নেপালি, তোক নো লৈ মই কি পুইণ কি যইগোঁ সাধিম? বাঁহৰ ঢেকীঠোৰা পচ! পচি ভচম্ উঠি পলু পোক কিৰ্ মি-কীটৰ আহাৰ হ গৈ। বাৰু তাইনো মোলৈ বাট চাই ঢেকীঠোৰাটো নিদি ভকত দুজনক খেদিব পায়নে? কিয়, কি ডাঙৰ বস্তুটো যে তাই মোক নুশুধিলে ভকতক দিব নোৱাৰে? অ ভকতত কৈ মোৰ ঢেকীটোৰা টোহে টান হল? কি বুধি! কি আকল! কি গিয়ান!-ইয়াকে বোলে তিৰোতা! তিৰোতা!! তিৰোতা নে মিৰুতা। ইহঁত হেনো কিবা বোলে-নে ভাৰ্যা! ভাৰ্ ষা নে ভাৰ জোৰোৱা। শাস্ত্ৰত কৈছে “তিৰীয়ে-পুৰুষে হবা একেমতি। তেহে সিজিব হৰিত ভকতি॥” আমি তিৰী পুৰুষৰ মতি দুটা কেনেকৈ একে হৈ পিঠাসোপা হৈ পৰিছোঁ চাই লোৱাহঁক। বাৰু তাই ঠোৰাটো আলহী ভকতক দিয়াহেঁতেন নো মই তাইক কি কাটি মাৰি নৈত উটাই দিলোহেঁতেন? নাইবা কুন্দাত দি ছেপিলোঁহেঁতেন হেঁ, তোমালোক ৰাইজে মোক কোৱাহঁকচোন? তাইৰ নো এনেটো বুধি কি বুলি হল?—মিছা, মিছা, এই সংসাৰ, এই তিৰী পুত্ৰ, এটাইবোৰ জঞ্জাল। এটাইবোৰ মিছা, গুৰুজনে ঠিক কৈ গৈছে—;

“যত দেখা ভাৰ্য্যা–পুত্ৰ সবে অকাৰণ।
চাই মাত্ৰ থাকে কালে ধৰে যেতিক্ষণ॥
বিষয়ৰ আশা এক তিলে কৰি চুৰ।