পৃষ্ঠা:পাঁচনি.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পাঁচনি

ছোৱালী নাই, আই নাই, বোপাই নাই, ভাই নাই, ককাই নাই, বাটৰ বাটৰুৱা কেলেহুৱা খোদ আলহী-মালহীক মই তিনি তেলনি মাৰি, এদিন নহয়, দুদিন নহয়, নিতৌ খুৱাই মোৰ হাৰ মূৰ ভাঙি, সেই কেলেহুৱাখনক ৰজাক আওধলাদি আওধালিব লাগে। কিহৰ বাবে? মোৰ গিৰিহঁতে পুইণ-পুইণ কৰিছে সেইবাবে। নেলাগে, মোক পুইণখন, মই পুইণ নকৰোঁ, সেইবাবে মোৰ যি হয় হওক। স্বৰ্গলৈ যাব নোৱাৰোঁ যদি সৌ আমাৰ বৰঘৰৰ চাটটোৰ ওপৰতে মই উঠি থাকিম। মই নেবান্ধো পুইণৰ টোপোলাটো দেওহে, মোক নেলাগে পুইণখন। গোহাঁয়ে মোক একোতে বঞ্চিত কৰা নাই, —খাব পিন্ধিবলৈ দিছে, ভৰালত ভাত বাৰীত শাক, পুখুৰীত আৰু বিলত মাছ দিছে, কাৰো ওচৰত হাত পাতিব লগীয়া কৰা নাই। নিজ হাতে বৈ-কাটি এডোখৰ পিন্ধিছোঁ, কাকো মাগিবলৈ যোৱা নাই, কাৰো কাটিহা সহিবলগীয়া মোক গোহাঁয়ে কৰা নাই। শুদাতে, শুদাতে, এইখন বাহদঙুৱা আলহীৰ লেদেনা উকতি মই মৰোঁ কিহৰ সতি হেঁ? মই নোৱাৰোঁ বুলি মুখেৰে কলৈও তো কোনেও নুশুনে, কিলাবলৈ উঠে। সেইদেখি একোকে, একোকে, মই একোকে নামাতোঁ, তেওঁ যি কৰে কৰি থাওক। মইও যদি বগাই হাজৰিকাৰ জীয়েক হওঁ, মই বাঘকে ছাগকে একে ঘাটতে পানী খুৱাম। তোমাক নাকত থৈ চাকত ঘুৰাম। মোক তুমি বলে নোৱাৰা বুলিছোঁ।