পৃষ্ঠা:পাঁচনি.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পাঁচনি


মই হেৰুৱালো! হেৰ তেওঁলোক গৈ কিমানখিনি পালেগৈ?

ঘৈণীয়েক —এতিয়াই অলপৰ আগতে গৈছে, সৰহ বাট পোৱা গৈ নাই।

পাঁচনি—দে, দে, মোক ঢেকীঠোৰাটো দে, মই তাকে দি তেওঁলোকক কিজানি ওভোতাই আনিব পাৰোঁৱেই বেগতে দে।

  (ঘৈণীয়েকে ঢেকীঠোৰাটো তুলি আনি দিয়ে, পাঁচনিয়ে লৈ লৰ ধৰে।)

[ প্ৰস্থান।

ঘৈণীযেক— (আপোনাআপুনি ) যোৱাঁ, যোঁৱা, আৰু লৰি যোঁৱা; আলহীক অমুকীয়ে যি পালি দৰব দিছোঁ, সিহঁত এতিয়াই উভতি আহিল আৰু কি! দিনৌ মোৰ ওপৰত বৰ মতা ওলাই দেখৰ মানুহ মাতি আনি ঘৰত আলহী চপাব, আৰু মই গোলামীয়ে ধান বানি পানী কঢ়িয়াই সেইবোৰক খুৱাব লাগে। ভাল নিকিনা গোলামীজনী পাইছিলা নহয় নে? ইস, আলহী নহলে মুনিহৰ টেটুত ভাতকে নোসোমায়! মই বান্দীয়ে শাকৰপৰা পাতলৈকে চাউলৰপৰা চৰুলৈকে গোটেইখন সংসাৰ গোটাই আনিব লাগে; ধান বানোতে বানোতে মোৰ ভৰি বুটি হল, আৰু তেওঁ “গধূলিৰ অথিতি সাইখাত দামোদৰ” বুলি চোলোখ এফাকি মাতিয়েই মোৰ ওপৰত দপালি ভাৰখন পেলাই দি পুইণ কৰি স্বৰ্গলৈ, লৰ ধৰিবলৈ ওলাইছে। মোৰ লৰা নাই,