পৃষ্ঠা:পাঁচনি.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাঁচনি


এঘৰৰ ভৰালৰ আগতে বুৰুলিখেৰ এটাকে পাৰি ৰাতিটোলৈ কোনোমতে আমি পাৰি থাকিব খুজিছিলো, তাতো সেই গৃহস্থ জনে আমাক থাকিবলৈ নিদিলে। কলৈ যাওঁ, কি কৰোহঁক বুলি আমি দুয়ো গলাগপা কৰি ভাবি থাকোঁতেই, বাটৰ গৰখীয়া লৰা এটাই আপোনালোকৰ ঘৰ দেখুৱাই দি ইয়ালৈ আহিবলৈ কলে; সেইদেখি আহিলো। কৃপা কৰি আমাক ৰাতিটোলৈ ইয়াতে পৰি থাকিবলৈ দিয়ক, ধৰম হব।

পাঁচনি— ( উঠি বৰ অগ্ৰহ প্ৰকাশ কৰি) নিচয়, নিচয়, আপোনাসকলক মই থাকিবলৈ দিম। মোৰ প্ৰভুৰ বৰ অনুগ্ৰহ যে আপোনাসকলে আজি মোৰ ঘৰত ভৰিৰ ধূলা দিবলৈ আহিছে। আপোনাসকল “গধুলিৰ অথিতি সাক্ষাৎ দামোদৰ।” আহক বহক। (ঘৈণীয়েকলৈ চাই) হেৰ আন, আন, চটাই ঢৰাখন আন৷ আলহীক বহিবলৈ পাৰি দে। ভৰি ধুবলৈ দুইকো দুলোটা পানী আনি দে। মোৰ প্ৰভুৰ কৃপা। অন্তত ঈশ্বৰে মোক কৃপা কৰিলে। মইতো আজি আলহীৰ আশাকে এৰি দিছিলোঁ। যা, যা, বেগতে বহিবলৈ দে, ঢৰাখন আন! পানী আন! অনি!

 [ ঘৈণীয়েকে আলহীলৈ ঢৰা এখন আৰু দুলোটা পানী আনি দিয়ে। আলিহীয়ে ভৰি ধুই ঢৰাত বহে।)

পাঁচনিয়নী— (গিৰিয়েকক) কোনোমতে জোৰাফন্দা মাৰি চাউলৰ দিহা হলেও লোণ তেল হলে একো নাই।

পাঁচনি—মোক তই তেলৰ চুপিটো দে, মই পোহাৰলৈ গৈ এতিয়াই তেল-লোণ লৈ আহোঁ গৈ। তই আলহীলৈ আনবোৰ দিহা