কোনে মাৰিলে। চিয়ৰিছা কিয়? কোন ডাকাইত? কত ডাকাইত? থিৰ হোৱা। কঁপিছা কিয়?
কানীয়া —(ভয়ত কঁপি কঁপি) মোৰ হাতত পাই-পইচা একো নাই ঐ! (মেৰ তলিৰপৰা উলিয়াই) এই চৰতীয়াটো হে মোৰ চুৰিয়াৰ খোচোনাত আছিল; কানীৰ টিকিৰা এটা আনিবলৈ বুলি লৈ আহিছিলো৷ তাকে লাগে যদি লোৱাঁ ঐ। তেওঁ মোক নামাৰিবা ঐ! (হাত যোৰ কৰি) মই বৰ দুখীয়া মানুহ।
পাঁচনি — কানীয়া ককাই, তোমাৰ ভ্ৰম হৈছে , মই ডকাইত নহওঁ। মই পদূলিমূৰত আলহী ভকতলৈ বাটচাই আছোঁহি। তুমিয়েই যদি আজি ৰাতি থাকি মোৰ ঘৰত ভাত এমুঠি খাই যোৱা, মই বৰ সন্তোষ পাম।
কানীয়া— ( হাতযোৰ কৈ) হে দেউতা ঈশ্বৰ, মোক এৰি দিয়ক, মই যাওঁ। মোক ঘৰলৈ ধৰি নি নেমাৰিব, মই কাকুতি কৰি চৰণত ধৰি মাতিছোঁ। মোৰ এই চৰতীয়টিকে লওক। মোৰ ঘৰত লৰা-তিৰোতা এজোপা আছে, মই মৰিলে সিহঁত অনাথিতি হব।
[ চকুৰ পানী টোকে
পাঁচনি। যোৱা, যোৱা, তুমি মিছাতে ভয় খাইছা।
কানীয়াৰ প্ৰস্থান।
⸻