এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
চণ্ডিকাখ্যান
ঢাকিল আকাশ, নাহি পৰ কশি,
হৈলন্ত দিব সে ৰাতি॥
যাকে যাকে শৰ, বদনে দেবীৰ,
প্ৰবেশি কৰে বিস্মিত।
দ্বাদশ তপন, মেঘ ফালি যেন,
ক্ষণিকে ভৈলা উদিত॥
গ্ৰাসি শৰ জাল, কালিকা দৈত্যৰ,
কৰিলা নাদ ভীষণ।
চন্দ্ৰ হেন কান্তি, কালী দন্ত পংক্তি,
প্ৰকাশ কৈলা বদন॥
- মহাখড়গ তুলি, হাতে মহাকালী,
ধাইলা পাছে চণ্ডক
কেশে ধূৰি তাৰ, ছেদিলাহ শিৰ,
মৰিলা দৈত্য দুৰন্ত॥
নিধন চণ্ডৰ, দেখি মুণ্ডা সুৰ,
বেগে কালিকাক ধাইলা॥
- সিংহত আৰোহি, ভগৱৰ্তী কালী,
ধাইলা চণ্ডক প্ৰতি।
কেশ ধৰি তাৰ, ছেদিলাহা শিৰ,
মৰিল দৈত্য দুৰ্ম্মতি॥