পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
চণ্ডিকাখ্যান।

ৰাখা ৰাখা মহা দেবি ইবোৰ সঙ্কটে।
জগতৰ মূল তুমি আশ্ৰয় তোমাতে॥

⸻০⸻


পদ।

মেধস বোলন্ত শুনা ৰাজা মহামতি।
পুনশ্চ দেবীৰ কথা কহিবো সম্প্ৰতি॥
পূৰ্ব্বে ত্ৰেতা যুগে শুম্ভ নিশুম্ভ নামত।
মহা বলৱন্ত দৈত্য আছিল দুগোট॥
আছিল জগতে যত দানৱ অসুৰ।
সমস্তৰে অধি পতি শুম্ভ মহাসুৰ॥
নিশুম্ভ তাহান ভাতৃ প্ৰচণ্ড বিক্ৰম।
যুবৰাজ ভৈল সেহি পৰম দুৰ্জন॥
চণ্ড মুণ্ড ৰক্ত বীজ আদি দৈত্যগণ।
সেনা পতি হৈলা সবে পৰম দাৰুণ॥
দৈত্য সেনা সমে শুম্ভ নিশুম্ভ দানৱ।
পৃথিবীৰ যত ৰাজা কৈলা পৰাভৱ॥
মদ গৰ্ব্বে বাহু বলে পৰাজি ইন্দ্ৰক।
স্বৰ্গ কাঢ়ি লৈলা আৰু লৈলা জজ্ঞভাগ॥
চন্দ্ৰ সূৰ্য্য বায়ু অগ্নি কুবেৰ যমৰ।
আৰু বৰুণৰ কৰ্ম্ম কৰিলা পহাৰ॥