এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
চণ্ডিকাখ্যান।
ধন্যতাৰ পুত্ৰ ভাৰ্য্যা দাস দাসী কন্যা;
বাঞ্চিত ফলদা তুমি যাহাতে প্ৰসন্না।
তোমাৰ কৃপাত দেবি পুন্যঅন্ত জনে;
সৰ্ব্ব ধৰ্ম্ম কৃত্য সদা কৰে তুষ্ট মনে॥
সেহি ফলে হোৱে তাৰ স্বৰ্গত বসতি;
তিনিও লোকত তুমি হোৱা ফল দাত্ৰী।
কৰ্ম্মে কৰ্ম্মফল দিয়ে স্বৰূপে অসত্য;
তুমি কৰ্ম্ম ৰূপা কৰ্ম্ম ফল দিয়া সত্য॥
সুমৰে তোমাক যদি সঙ্কট কালত;
তাৰ ভয় নিবাৰণ কৰাহা নিতান্ত।
ভয়হীন নৰে যদি কৰয় স্মৰণ;
তাক তুমি তত্ব জ্ঞান কৰাহা প্ৰদাণ॥
দৰিদ্ৰৰ ক্লেশ নাশা ভয়াৰ্ত্তৰ ভীতি;
সদা স্নেহ চিন্তা তুমি প্ৰাণী গণ প্ৰতি।
এহি দুষ্ট দৈত্য যত হইলে নিহত ,
জগতৰ সুখ শান্তি ভাবিলা মনত॥
কিন্তু দুৰাচাৰ পাপী যতেক অসুৰ;
নৰকে সবাৰ গতি বিদিত তোমাৰ।
ৰণে হত হয়া সবে যাউক স্বৰ্গত;
হেন ভাবি দৈত্য কুল কৰিলা নিপাত॥