পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
চণ্ডিকাখ্যান।

লক্ষী ৰূপে থাকা তুমি হৃদয়ে বিষ্ণুৰ;
গৌৰী ৰূপে শঙ্কৰক কৰিছা আদৰ॥
তপত সূবৰ্ণ হেন ইষত হসিত;
তযু মুখ পদ্ম পূৰ্ণচন্দ্ৰ বিনিন্দিত।
ইহেন তোমাৰ মুখ আতি চমৎকাৰ;
দেখিয়ো ক্ৰোধান্ধ সেহি মহিষঅসুৰ॥
সহসা কৰিলা তযু প্ৰহাৰ অঙ্গত;
দেখি ইটো কথা আমি, ভৈলো আচৰিত।
ভ্ৰুকুটি ভীষন মুখ কোপত তোমাৰ;
দেখিয়ো যে তেতিক্ষণে মহিষ পামৰ।
নকৰিলা প্ৰাণ ত্যাগ অতি আচৰিত ,
দেখিলে কুপিত যম নাথাকে জীবিত॥
জগতৰ শুভ হেতু উদ্ভব তোমাৰ;
কোপ যুক্তা হৈলে তুমি বিনাশ সবাৰ।
প্ৰমাণ ইহাৰ আমি পাইলো সাক্ষাত;
বিপুল মহিষ সৈন্য কৰিলা নিপাত॥
সুপ্ৰসন্না হুয়া দেবী আমাসাক প্ৰতি;
ভয়ঙ্কৰ দানৱক বধিলা অম্প্ৰতি।
দেশৰ মধ্যত সেহি জন মান্যৱন্ত;
ধাৰ্ম্মিক যশস্বী আৰু সেহি ধনৱন্ত॥