পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
চণ্ডিকাখ্যান।


ছবি।

এহিৰূপে নৃপবৰ, সবে সেনা মহিষৰ,
 ভৈলা আগ সংগ্ৰামে চণ্ডীৰ।
চৌপাশে চণ্ডীকবেঢ়ি, কৰন্ত সমৰ আতি,
 মাৰ মাৰ শবদে অসুৰ॥
কতো দৈত্য ভিন্দিপাল,  কতোবা তোমৰ শূল,
 কতে হানে মূযল শকতি।
পৰশু পট্টিশ পাশ,  হানে কেহোঁ তৰোৱাল,
 বধ হেতু চণ্ডিকাৰ প্ৰতি॥
পাছে দেবী ভগৱতী,  নিজ অস্ত্ৰ কৰি বৃষ্টি,
 নিবাৰিলা অস্ত্ৰ দানবৰ।
নিবাৰি অসুৰ অস্ত্ৰ, দৈত্য দেহে নানা শস্ত্ৰ,
 দৃঢ়ৰূপে কৰিলা প্ৰহাৰ॥
অস্ত্ৰাঘাতে দৈত্যযত,  ভৈলা দেহ জৰ্জ্জৰিত,
 পড়ি গৈলা ভূমিৰ ওপৰ।
যুদ্ধ পৰিশ্ৰম হেতু  দেবীৰ গাৱত কিন্তু,
 লেশমাত্ৰ নাহিকে কাতৰ॥
চণ্ডীৰ বাহন সিংহ,  মহাকোপে কৰি শব্দ,
 কম্পাইয়া গ্ৰীবাৰ কেশৰ। (৬)


(৬) গ্ৰীবা, ডিঙি।