পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
চণ্ডিকাখ্যান।

মহিষাসুৰৰ কথা কহিবোহো‌ঁ কত।
তাৰ ভয়ে দেব যাক সততে চকিত॥ (৩)
হৈলােহোঁ শৰণাগত চিন্তিয়ো উপায় ।
যেহিৰূপে দুট দৈত্য যাৱে যমালয় ॥
ত্রিদশৰ ক্লেশ বাণী শুনি মাধৱৰ ।
ভৈলন্ত বদন কোপে ভ্ৰুকুটী কুটিল (৪)
শিবৰ বাঢ়িল কোপ আৰু বিধাতাৰ ।
অনন্তৰ দেবগণ ক্ৰোধত অস্থিৰ ॥
ব্ৰহ্মাষ্ণুি শিব এহি তিনি দেবতাৰ ।
মহাক্রোধে মুখহন্তে বজাইলা ৰুধিৰ
ইন্দ্র আদি যত দেব আছিলা তথাত।
সমস্তৰে ভৈলা বাজ প্ৰচুৰ শােণিত
সবাৰাে দেবৰ তেজ হৈয়া একঠাই।
জলন্ত পৰ্বত হেন প্রকাশ কৰই ॥
দশদিশ প্রকাশয় সেই তেজোৰাশি ।
চাহিব নােৱাৰে কেউ নয়ন প্রকাশি ॥
দেবতাৰ তেজোৰাশি দেখন্তে সুৰূপ।
সেহি তেজে দুর্গ আসি ভৈলা নাৰীৰূপ ।


  (৩) চকিত, ভীত।

  (৪) ভ্ৰুকুটী, বক্র।