এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
চণ্ডিকাখ্যান।
মেধস বদতি, শুনিলা নৃপতি,
দেবীৰ ইটো মহিমা।
প্রভাব অপাৰ, আছয় দেবীৰ,
পুনৰপি কহোঁ শুনা ॥
দেবীৰ চৰিত্র, পৰম পবিত্র,
শুনা সবে নৰগণ।
দ্বিজ কীৰ্ত্তিচন্দ্রে ৰচিলা প্রবন্ধে,
চণ্ডীৰ ভাবি চৰণ॥
——*——
ইবাৰ উদ্ধাৰা মােক জগত জননি ।
চৰণে শৰণ লৈলাে ৰাখা নাৰায়ণি ॥
————
পদ।
মেধসে বােলন্ত শুনা ৰাজা মহামতি ।
পুনু দেবী কথা কহোঁ তােমাত সম্প্রতি॥
পূর্ব্বে দেবাসুৰে ৰণ কৰিলা বহুত।
শতেক বৰিষ পূর্ণ ভৈলন্ত যুদ্ধত॥
আছিল মহিষ নামে এক মহাদৈত্য।
অসুৰৰ ৰাজা সিটো মহাবলৱন্ত ॥