পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
চণ্ডিকাখ্যান।

শয্যা পৰিহৰি,  উঠিলা শ্রীহৰি,
  ধাইলা অসুৰ প্রতি।
মহা বলৱন্ত, দৈত্য দুই গােট,
  ভৈলাহা নিকটে স্থিতি॥
যুজিলা মাধব,  ভকত বান্ধব,
  দৈত্যক লগাই চমক।
একাৰ্ণৰ জল, নাই কৈতোস্থল,
  ব্ৰহ্মাণ্ড ভৈল খলক॥
ক্ষয় নােহেবল, দুই দানবৰ,
  পৰাজয় নাহি মানে।
পৰম বিস্ময়, দেব দয়াময়,
  অদ্ভূত মানিলা মনে ॥
প্রচণ্ড বিক্রমে,  দেব নাৰায়ণে,
  হাজাৰ পঞ্চ বৰিষ।
বাহু প্ৰহৰণ, কৰে মহাৰণ,
  নভৈলা অসুৰ নাশ॥
পাছে ভগবতী,  বিষ্ণুক আদৰি,
  মুহিলা অসুৰ মন ।
দেবী মায়া মুগ্ধ,  অসুৰ প্ৰচণ্ড,
  বুলিলা এহি বচন॥