পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মনুষ্যৰ যেনে জ্ঞান বিষয় ভােগত।
 তেনে জ্ঞানে জ্ঞানী সবে পশু পক্ষীযত॥
 জ্ঞান আছে হেতু নৃপ দেখা পক্ষীগণ।
 আপুনি নাখায়াে শিশু মুখে দিয়ে কণ॥
 পুষিব পালিব পুত্ৰে কৰিব যতন ।
 এহি আশা কৰি নৰে কৰন্ত পােষণ॥
 মোৰ পুত্ৰ মােৰ ভাৰ্য্যা ধন কলেবৰ।
 ইতিমাত্ৰ জ্ঞান আছে সমস্ত প্রাণীৰ॥
 এতেকে মনুষ্য জাতি আৰু অন্য জাতি।
 সবাৰৰ সমান জ্ঞান বিষয়ক প্রতি॥
 পুত্ৰ ভাৰ্য্যা ধন হন্তে যদিও অনর্থ ।
 তথাপি সংসাৰীজনে কৰে পুৰুষাৰ্থ॥
 নিজৰ অহিত বাঞ্চা কৰে কোন প্রাণী।
(১০) পৰাধীন হেতু জীব সমস্তে অজ্ঞানী॥
 যদিও কতােনৰে ইচ্ছে আত্মহিত।
 সমস্ত নিস্ফল হােৱে ঈশ্বৰ মায়াত॥
 সংসাৰৰ স্থিতি কাৰী প্ৰভু ভগবান
 মহামায়া নামে শক্তি তাহাৰ প্রধান॥



(১০) মায়াত মুগ্ধহেতু জীবঈশ্বৰ হৈয়াে পৰাধীন।