পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
চণ্ডিকাখ্যান।

তেনে পুত্ৰ ভাৰ্য্যাপ্ৰতি মোৰ যে হৃদয়।
নিৰ্দ্দয় নহয় কেনে নজানো নিশ্চয়॥
মহামতি নৃপবৰ বিগুণ বন্ধুত। (৭)
নজানো কিহেতু হোৱে মোৰ স্নেহচিত্ত॥
পৰিলে মনত সিসবাক প্ৰতি মোৰ।
তপ্তস্বাস বহে নাকে তাপিত অন্তৰ॥
কিয় পুত্ৰ ভাৰ্য্যা বন্ধু প্ৰতি হিয়া মোৰ।
নহয় মমতা হীন কোৱা নৃপবৰ॥ (৮)
মাৰ্কণ্ডেয় বদতি শুনিয়ো তপোধন।
পাছে ৰাজা বৈশ্য দুয়ো হুয়া একমন॥
মেধস মহৰ্ষি স্থানে পুছিবাক মনে।
প্ৰণমিলা গৈয়া দুয়ো ঋষিৰ চৰণে॥
আশীৰ্ব্বাদ কৰি মুনি নৃপতি বৈশ্যক।
আসনত বসাইলা সমীপে দোহাক॥
সুখাসনে বসিৰাজা বৈশ্য মহামতি।
ঋষিক পুছন্ত পাছে কৰিয়া মিনতি॥
বদতি সুৰথ ৰাজা মুনিৰ আগত।
এখানি গোচৰ কৰো তযু চৰণত॥


  (৭) অপকাৰী বন্ধু।

  (৮) মমতা, স্নেহ।