পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
চণ্ডিকাখ্যান।

বৈশ্যবৰ তুমি যেই কৰিলা প্ৰাৰ্থন।
তোমাত হইলো তুষ্ট কৰিলো প্ৰদান॥
তত্ত্ত্ব জ্ঞান হৌক তব মুক্তিৰ সাধন।
খণ্ডোক সংসাৰ পাশ লভাহা নিৰ্ব্বান॥
দোহাৰ অভীষ্ট এহিৰূপে কৰি পূৰ্ত্তি।
অন্তৰ্হিতা ভৈলা তত দেবী জগন্মুত্তি॥
ক্ষত্ৰিয় প্ৰবৰ সেহি সুৰথ নৃপতি।
ভৱানীৰ পাই বৰ পুলকিত আতি॥
শত্ৰুনাশ কৰি ৰাজ্য লভি তেতিক্ষণে।
পৃজিলা দেবীক পাছে অনেক বিধানে॥
সেহি ৰাজা পুনৰপি সূৰ্ঘ্য হন্তে জাত।
হৈয়া সাবৰ্ণিক নামে মনুহৈল খ্যাত॥
ভুক্তি মুক্তি প্ৰদা এহি চণ্ডীৰ আখ্যান।
চণ্ডীৰ চৰণ চিন্তি কৰিলো ৰচন॥
নানা অপৰাধ মোৰ হৈছে ৰচনাত।
কৰা ক্ষমা জগদ্ধাত্ৰি কৰোঁ প্ৰণিপাত॥
মই অতি অল্পমতি মহিমা তোমাৰ।
অনন্ত যে কি প্ৰকাৰে কৰোহোঁ প্ৰচাৰ॥
নিজ গুণে নিজে দেবি হইয়া প্ৰসন্ন।
মোৰ অপৰাধ যত কড়িয়া মৰ্ষণ॥