পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
চণ্ডিকাখ্যান।

তথাপি ঋষিৰ আজ্ঞা শিৰোধাৰ্য্য কৰি।
তেতিক্ষণে তপস্যাক ধৰিলা আবৰি॥
প্ৰণমি মুনিক দুই দেবীৰ দৰ্শনে।
অভিলাষ কৰিগৈলা নদীৰ পুলিনে॥ (১)
তাত বসি বৈশ্য আৰু সুৰথ নৃপতি।
দেৰী সুক্ত জপি কৰে দেবীত ভকতি॥
মৃত্তিকাৰ দেবী মূৰ্ত্তি কৰিয়া নিৰ্ম্মান। (২)
দুই জনে ভক্তি ভাবে কৰন্ত পূজন॥
গন্ধ পুষ্প দূপ দীপ নিয়া কৰে হোম।
ভূমিত পড়িয়া কৰে অষ্টাঙ্গ প্ৰণাম॥
নিৰাহৰ তাহাৰ হৈয়া দুই জন।
নিজ দেহ হন্তে ৰক্ত কৰন্ত প্ৰদান॥
বনিয ত্ৰিতয এহিৰূপে আৰাধনা৷
কৰন্তে বুলিলা দেবী প্ৰত্যক্ষ বচন॥
হে নৃপ হে বৈশ্য দুই যাহাক লাগিয়া।
কৰিলাহা কষ্ট এত এই মহামায়া॥

(১) পুলিন, নদীতীৰ।

(২) মৃন্ময়ী মূৰ্ত্তি, সাত্বিকী মূৰ্ত্তি, অম্বিকা মূৰ্ত্তি কৰাই সম্ভব।