পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
চণ্ডিকাখ্যান।

ভৈলা যেবে হত   শুম্ভ মহাৰ
ৰণত নিশুম্ভ হাতে চণ্ডিকাৰ।
চণ্ডিকাৰ ভয়ে শেষ দৈত্য যত
প্ৰবেশিলা পাছে পাতাল পুৰীত॥
এহি ৰূপে নৃপ দেবী সনাতনী
হুয়া অবতাৰ জগত জননী।
কৰে পুনঃ পুনঃ জগত পালন
দুৰ্বত্তক বলে কৰি সংহৰণ॥
মুহিছে প্ৰাণীক সেহি ভগৱতী
স্ৰজিছে জগত সেহি দেব শক্তি॥
কৰিলে ভকতি হুয়া তুষ্ট আতি
দেন্ত তত্ত্বজ্ঞান অতুল বিভৃতি॥
প্ৰলয় কলিত ধৰণীৰ পতি
মহামাৰী ৰূপে সেহি ভগৱতী
অখিল ব্ৰহ্মাণ্ড ব্যাপি ঘোৰ ৰূপে
জগতৰ প্ৰাণী সংহৰে নিমিষে॥
মহামাৰী দেবী জনম ৰহিত
জে প্ৰাণীগণ সৃষ্টিৰ কালত।
স্থিতিকালে দেবী জগত জননী
প্ৰাণীক পালন কৰে সনাতনী॥