এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
চণ্ডিকাখ্যান
সমুদ্ৰৰ মধ্যে | নৌকাৰোহণত | |
কৰে যদি বায়ু | তাত অঘূৰ্ণিত॥ | |
দাৰুণ সংগ্ৰামে | হৈলে অস্ত্ৰপাত | |
ব্ৰণাদি পীড়াত | ইসব বাধাত। | |
কৰে যদি মোৰ | চৰিত স্মৰণ | |
বাধাহন্তে ত্ৰাণ | পাৱে নৰগণ॥ | |
চৰিত স্মৰণে | মোৰ প্ৰভাৱত | |
সিংহ বাঘ হাতী | দুস্যু বৈৰি যত। | |
ভকতক মোৰ | নকৰি ধৰ্ষণ (৩) | |
দূৰ হন্তে সবে | কৰে পলায়ণ॥ | |
মেধস বদতি | চণ্ডিকা গোসানী | |
অমৰ গণক | এহিৰূপে বাণী। | |
বুলি আশ্বাসিয়া | সুৰথ ৰাজন | |
আগত সবাৰ | ভৈলা অন্তৰ্ধান॥ | |
শত্ৰু বিনাশন | ভৈল ত্ৰিদিশৰ | |
গুচিল সবাৰ | ভয় দানৱৰ। | |
পালিষজ্ঞভাগ | যথ পূৰ্ব্ববত | |
নিজ নিজ ভাঙ্গে | বসিলা স্বৰ্গত॥ |
(৩) ধৰ্ষণ, হিংসা।