এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২৯
চণ্ডিকাখ্যান
একবাৰ মাত্ৰ | আখ্যান আমাৰ | |
শুনিলে তাদৃশ | প্ৰীতি হয় মোৰ॥ | |
মোৰ অবতাৰ | কথাৰ কীৰ্ত্তনে | |
আৰু ভক্তিনম্ৰ | ভাবত শ্ৰবণে। | |
কৰে পাপ নাশ | আৰোগ্য প্ৰদান | |
প্ৰাণীগণ হস্তে | কৰে পৰিত্ৰাণ॥ | |
সমৰ কালীন | দৈত্য বিনাশন | |
শুনে যদি মোৰ | পুৰুষে আখ্যান। | |
শক্ৰকৃত ভয় | নহয় তাহাৰ | |
সুখ সম্পদত | যাই সৰ্ব্বকাল॥ | |
তোমা সবে যেই | কৰিলাহা স্তুতি | |
কৰিলেক আৰু | নাৰদ প্ৰভৃতি৷ | |
কৰিলন্ত মোক | বিধাতা স্তবন | |
সিসব স্তবনে | হোৱে তত্ত্বজ্ঞান॥ | |
অৰণ্যত কৰে | অনলে বেষ্টিত | |
দস্যুগণে যদি | আক্ৰমে মাৰ্গত। | |
শত্ৰুগণে যদি | ধৰে নিৰ্জনত | |
সিংহ ব্যাঘ্ৰ হস্তী | পীড়ন্ত বনত॥ | |
কোপত ৰাজাৰ | বধ্য ভূমিগত | |
অথবা দোষত | লৌহ নিগড়িত। |