পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
চণ্ডিকাখ্যান ।

দানৱ জনিত, এনুৱা পীড়ণ,
 হৈবন্ত যেই বেলাত।
সিবেলাত মই,  অবতাৰ হই,
 কৰিবো শত্ৰু নিপাত॥
জগত জননী,  বিপদ নাশিনী,
 অপাৰ কৃপা তাহাৰ।
নাশি দৈত্যগণ,  জগত ৰক্ষণ,
 কৰিলন্ত ভয় দূৰ॥
হেন জানি নৰে,  দেবীক অন্তৰে,
 সুমৰাহা ঘনে ঘনে।
আখ্যান চণ্ডীৰ, আতি মনোহৰ,
 দ্বিজ কীৰ্ত্তি চন্দ্ৰে ভনে॥