পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
চণ্ডিকাখ্যান।

ৰাক্ষসৰ মধ্যে আৰু তীব্ৰ বিষধৰ।
সৰ্পৰ মাজত আৰু মধ্যত বৈৰীৰ॥
দস্যগণ দাবানল সমুদ্ৰ মধ্যত।
থাকি তুমি জগতকে ৰাখিছ সতত॥
তুমি বিশ্বেশ্বৰী হেতু পালিছা জগত।
ব্ৰহ্মাণ্ডৰো আত্মা তুমি ধৰিছা জগত॥
যি সবে তোমাত ভক্তি কৰে দৃঢ় ৰূপে।
ব্ৰহ্মাদিৰো পূজনীয় সি সব স্বৰূপে॥
ব্ৰহ্মাণ্ডৰ যত প্ৰাণী তোমাতে আশ্ৰিত।
নানা ৰূপে উপাসনা তোক কৰন্ত॥
সম্প্ৰতি যে মহাদেবি শত্ৰু বিনাশন।
কৰি তুমি জগতক কৰিলা ৰক্ষণ॥
এহি ৰূপে সুপ্ৰসন্ন হইয়া সততে।
আমাক কৰিবা ৰক্ষা অৰি ভয় হন্তে॥
জগতৰ যত পাপ কৰা আশু ক্ষয়।
দুৰ্ভিক্ষ মৰক আদি কৰাহা বিলয়॥
তুমি পূজ্য জগতৰে ব্যাধি জগতৰ।
নাশ কৰি মহাদেবি কৰা উপকাৰ॥
ত্ৰিভুবনবাদী লোকে কৰিছে প্ৰণতি৷
সিয়া ইন্টবৰ দেবি তুমি বৰদাত্ৰী॥