পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
চণ্ডিকাখ্যান।

অনন্ত শকতি তযু জলৰূপে তুমি ।
তুষিলাহা সমস্তকে কি বর্ণাবো আমি॥
তুমিসে বিষ্ণুৰ শক্তি জগতৰে মুল ।
তুমি মহামায়া তব অনন্তযে বল ॥
মায়াৰূপে জগতকে কৰিছা মােহিত।
হৈলে তুমি সুপ্রসন্ন হােৱে লোক মুক্ত॥
যজ্ঞবিদ্যা মহাবিদ্যা আদি মতবিদ্যা।
তোমাৰসে মুক্তি ভেদ তুমি মাত্র আদ্যা॥
নাৰী ৰূপে আছে যেই এহি জগতত।
সবাই তােমাৰ অংশ আমাৰ বিদিত॥
একাকিনী তুমি মাৱ ব্যাপিলা ভুবন।
কিতোমাৰ আছে স্তুতি কৰে কোনজন॥
তুমি সৰ্ব্ব স্বৰূপা যে ভোগ মােক্ষদাত্রী।
তােমাক কৰয় স্তয় আছে কাৰ শক্তি॥
বাক্যৰ অতীত তুমি মনৰে অতীত।
চিদানন্দ ময়ী তুমি গুণৰো অতীত॥
কিন্তু এহি তযু মূৰ্ত্তি কৰি নিৰীক্ষণ।
কৰিবোহোঁ তব স্তুতি এহি মাত্র মন॥
বুদ্ধি ৰূপে আছা তুমি হৃদয়ে সবাৰ।
স্বর্গ মােক্ষ প্রদা তুমি কৰাে নমস্কাৰ॥