পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
চণ্ডিকাখ্যান।

শুম্ভ ক্ষিপ্ত শৰজাল চণ্ডী কৰে নাশ।
চণ্ডী ক্ষিপ্ত শৰগণ বিনাশে ৰাক্ষস॥ (৩)
এহিৰূপে দৈত্যেশ্বৰ শুম্ভৰ সহিত।
নানা ৰূপে কৰে লীলা চণ্ডিকা যুদ্ধত॥
পাছে কোপে ভগৱতী হানিলাহা শূল।
শূলাঘাতে দৈত্যেশ্বৰ ধৰাত পড়িল ॥
মূৰ্চ্ছিত ভৈলন্ত যেবে দৈত্যৰ ঈশ্বৰ।
নিশুম্ভ চেতনা পাই লৈলা ধনুশৰ॥
ধনুত পূৰাই বাণ ভেদিলা কালীক।
কৌশিকীক বিন্ধি পাছে বিন্ধিলা সিংহক॥
পুনশ্চ দানৱ ধৰি অযুতেক হাত।
চক্র অস্ত্রে চণ্ডিকাক কৈলা আচ্ছাদিত॥
মায়াবী দৈত্যৰ মায়া দেখি নাৰায়ণী।
ভৈল ক্রুদ্ধা ভগৱতী দুর্গতি নাশিনী॥
ধনুক টঙ্কাৰি পাছে হানি তীক্ষ্নবাণ।
নিশুম্ভৰ অস্ত্র যত কৰিলা বাৰণ॥
নিশুম্ভ বেগেৰে পাছে ধৰি গদা গোট।
চণ্ডিকাৰ বধ আশে মহাকোপে যন্ত॥

(৩) ৰাক্ষস, শুম্ভ।