এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
চণ্ডিকাখ্যান।
সেই শব্দে পূৰ্ব্ব শব্দ ভৈলা তিৰোহিত।
কালীৰ শবদে ব্যাপ্ত ভৈলন্ত জগত॥
শিবদূতী অমঙ্গল কৰি অট্টহাস।
সমস্ত দৈত্যক দেবী লগাইলা তৰাস॥
কিন্তু সেহি মহাশব্দে শুম্ভ দৈত্যেশ্বৰ।
নভৈলন্ত ত্ৰাস যুক্ত কোপত অস্থিৰ॥
দুৰাত্মা অসুৰ তই সাবধানে থাক।
তোক বধি জগতৰ কৰো নিষ্কণ্টক॥
এহি বাণী চণ্ডিকাৰ শুনি দেব যাক।
আকাশত থাকি “জয়” বোলন্ত দেবীক॥
সংগ্ৰামত পশি শুন্তে চণ্ডিকাক প্ৰতি।
সাক্ষাত অগণি শিখা ক্ষেপিলা শকতি॥
ধ্বক ধ্বক জ্বলে অগ্নি শক্তিৰ গাৱত।
তাঙ্ক দেবী মহোঙ্কাৰে কৰিলা নিৰস্ত॥
সিবেলা শুম্ভৰ সিংহনাদে ত্ৰিভুবন।
ব্যাপি ঘোৰ নিৰ্ঘাতক কৰিলা নিঃস্বন॥ (২)
শুম্ভাসুৰে চণ্ডিকাক কৰে শৰ বৃষ্টি।
শৰ সঙ্ঘ হানস্ত চণ্ডিকা দৈত্য প্ৰতি॥
(২) নিঃস্বন, নিঃশব্দ।