পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চণ্ডিকাখ্যান।

শুনি তযু মুখে মােৰ আনন্দ অপাৰ।
পুনশ্চ কহিয়ো মোক মহিমা চণ্ডীৰ ॥
শুনিবাক ইচ্ছা মােৰ অতি বলৱতী।
ৰক্তবীজ বধ বার্ত্তা শুনি দৈত্যপতি॥
শুম্ভ আৰু নিশুম্ভযে পৰম কোপন।
আপৰে কিনাে কৰ্ম্ম কৰিলা দুৰ্জ্জন॥
মেধূস বদতি শুনা সুৰথ ৰাজন।
ৰক্তবীজ-বধ আৰু সৈন্যৰ নিধন॥
দেখি শুম্ভ নিশুম্ভৰ ভৈলা কোপ আতি।
ৰণ আশে দুই দৈত্য ধাইলা দেবী প্রতি॥
মুখ্য দৈত্য সৈন্য সহ নিশুম্ভ দুৰ্ম্মতি।
প্রথমে দেবীৰকাশে হৈলা উপস্থিতি॥
আগে পাছে নিশুম্ভক বেঢ়ি বেঢ়ি দৈত্যগণ।
দেবীবধ আশে যান্ত আতি কোপ মন॥
মাতৃগণ সহযুজি বধাে চণ্ডিকাক।
এহি আশা কৰি শুম্ভ পশিল ৰণক ॥
নানা সেনা সঙ্গে তাৰ বলে মহাবল।
ত্রিদশৰ ভয়দাতা শুম্ভ মহাসুৰ॥
পাছে শুম্ভ নিশুম্ভৰ সহিত দেবীৰ।
বাজিল সংগ্রাম তাত আতি ভয়ঙ্কৰ॥