এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
চণ্ডিকাখ্যান৷
দানবেণ্ড কোপে, চণ্ডিকাৰ পাৱে,
কৰিলা গদা আঘাত৷
বেদনী দেবীৰ, কিঞ্চিত নহৈল,
বিফল ভৈল আঘাত॥
আহত দৈত্যৰ, যেই অঙ্গহন্তে,
বহিলা ৰুধিৰ ধাৰ।
সেহিস্থান হতে, চামুঞ্জা গোসাণী,
কৰিলা পান ৰুধিৰ॥
ৰক্ত বিন্দুজাত, ৰক্ত বীজ যত,
চামুণ্ডা কয় ভক্ষণ।
আৰু দেহ, পাই পুলকিত,
হৈয়া কালী কৰে পান॥
শূল বজ্রবাণ, অসি ভিন্দি পাল,
দৈতক হানি চণ্ডিকা।
বহাইলা ৰুধিৰ, বেগে দৰ দৰ,
পীলস্ত হৃষ্টে কালিকা॥
এহি কাপে দৈত্য, অস্ত্ৰসংঘহত,
নিৰক্ত ৰকতবীজ।
পড়িল ভূমিত, দণ্ডে বিকচিত,
কৰি হেৰা মহাৰাজ॥