পৃষ্ঠা:পদ্যাৱলী.pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
পদ্যাৱলী।

ভাবিছে ভৰত বৰ বিস্ময় মনেৰে,
কি কাৰণে প্ৰজাসৱে কান্দে এনে দৰে।
বহুদিন মূৰত আহিলোঁ দেশলৈ,
অথচ কোনোৱে দেখোঁ নাহে কাষলৈ?
ক’ত মই পাম লোক-মান সতকাৰ,
ওপৰঞ্চি হৈছোঁ দেখোঁ নিন্দাৰেহে ভাৰ?
ইদৰে বহুত কথা ভাবি চিন্তি বীৰ,
পোনে পোনে গল তেওঁ জনক মন্দিৰ।
দেখিলে সকলো শূন্য ৰাজা নাই তাত,
মৰণ কালত ৰাজা কৌশল্যা ঘৰত।
বৰ বিয়াকুল মনে উভটি দুভাই,
চঞ্চল গতিৰে গল জননীৰ ঠাই।
বহি আছে কৈকেয়ী সুৱৰ্ণ-আসনত,
আপদ-বিপদ একো নাই অন্তৰত।
পুত্ৰৰ ৰাজত্ব-লাভ এই পৰম পদ,
কৰিছে উৎসৱ ভাবি নিজৰ সম্পদ।
এনে সময়তে দুয়ো জননীৰ ঠাই,
বিষাদ মনেৰে উপস্থিত হল যাই।
পুত্ৰে দেখি ৰাজৰাণী এৰি সিংহাসন,
আথেবেথে দুয়োকো কৰিলে সম্ভাষণ।
দুয়ো ভায়ে গললগ্নী কৃতবাস হৈ,
কৰিলে প্ৰণতি প্ৰেমে মাতৃপদে গৈ।