পৃষ্ঠা:পদ্যাৱলী.pdf/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
পদ্যাৱলী।

( ১০ )


“হে পাণ্ডৱ-কুল-ৰবি! তুমি মহাজ্ঞানী,
ধীৰ ভাৱে, থিৰ মনে, শুনা হিত বাণী;
একান্তই যদি ইহ-পৰ ইষ্ট চোৱা,
জয়ে জয়ে চাৰি প্ৰশ্ন-অৰ্থ ভাঙি কোৱা।
নহলে পৰশ মাত্ৰে সৰোবৰ-পানী,
মানি লবা তোমাৰ পৰাণো হব হানি।”

( ১১ )


“আপোনাকো মানি বৰ,  তোমাৰ ই সহোদৰ,
 আৰু এই প্ৰিয়তমা নাৰী,
অৱহেলি মোৰ কথা, চুব মাথোঁ, পানী, তথা,
 ওপঙিছে চোৱা প্ৰাণ এৰি।”

( ১২ )


বগলীৰ বাক্য শুনি,  যুধিষ্ঠিৰ নৰমণি,
 সম্বোধিলে “কিবা প্ৰশ্ন চাৰি?”
বকৰূপী ধৰ্ম্মৰায়,  নিজ প্ৰশ্ন চতুষ্টয়,
  আৰম্ভিলে এক দুই কৰি।

( ১৩ )


কিবা বাৰ্ত্তা, কি আশ্চৰ্য্য, বাট বোলে কাক,
সংসাৰত সুখী বোলে কোন্ মহাত্মাক?
“কুন্তী পুত্ৰ! ভাঙি এই প্ৰশ্ন-অৰ্থ চাৰি,
অকাতৰে পীয়া তুমি সৰবৰ বাৰি।”