পৃষ্ঠা:পদ্যাৱলী.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদ্যাৱলী।


কিন্তু কাল, সজ-আত্মা-ক্ষেত্ৰ-শোভাকৰ,
অবাৱত নিলে শেষ, মৰুজীৱনৰ।

ধন।

জীৱনৰ দিন নিওঁ ৰং ধেমালিত,
শেষত কি গতি হব নুগুণো কাচিত।
সংসাৰ-ক্ষেত্ৰত আনি, যি কেদিন জীওঁ,
ধনৰ লগতে তাৰ বেছ ভাগ নিওঁ।
ধনৰ কাৰণে কত শত শত জন,
দুখ-শোক-তাপে নিয়ে মানৱী জীৱন।
ধন হেতু পৰস্পৰে কটাকটি কৰে,
ধন হেতু পিতৃও পুত্ৰক পৰিহৰে।
ধনৰে কাৰণে লোকে এৰি বাৰী ঘৰ;
ফুৰে ঘূৰি গিৰি, মৰু, তলী সাগৰৰ।
ওপৰি বিদেশ বঞ্চি অনাই বনাই,
সহি নানা দুখ কষ্ট জীৱন নিয়ায়।
আথচ যিদিনা হব মৃত্যু উপনীত;
সিদিনা ইধনে কিবা সাধিবনে হিত?
লগৰীয়া ৰূপে সিটো যাব নে লগত?
কোৱাচোন মন! তুমি, মোৰ ওচৰত।
‘মোৰ ধন, ‘মোৰ বিত’ কাষৰীয়া কৈ,
অকলে মাথোন দেখে উৰি যাবা গৈ।