পৃষ্ঠা:পদ্যাৱলী.pdf/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
পদ্যাৱলী।

 ( ১৩ )
দয়ালু কৃষকে  শুনি ই প্ৰাৰ্থনা,
 আহি আথ্‌বেথ্‌ কৈ,
মেলিয়ে দুৱাৰ  এই আতুৰক,
 নিলে জুই কাষলৈ।
 ( ১৪ )
পিন্ধা ফটাছিটা, যি আছিল গাত,
 গুছাই সকলো তেনে,
শুকান গৰম,  পিন্ধিবৰ সাজ,
 দিলে তাক সুযতনে।
 (১৫)
অকণ অকণ,  ল’ৰা-ছোৱালীয়ে,
 জাকে জাকে বেঢ়ি আহি,
কোমল, তপত,  হাতেৰে বুঢ়াৰ,
 চেঁচা হাত ঘঁহিলেহি।
 ( ১৬ )
দয়াৱতী বুঢ়ী,  ঘৰৰ গৃহিণী,
 অতি সমাদৰ কৰি,
আপোনাৰ হাতে,  খোৱা বস্তু তাক,
 দিলে আনি আগধৰি!