পৃষ্ঠা:পদ্যাৱলী.pdf/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
পদ্যাৱলী।

( ৯ )


‘আচাৰো বৰ্জ্জিত হয়,  সংসাৰৰ সুখ লয়,
 শৰীৰ দুৰ্ব্বল দিনে দিন,
এনে জৰা কি মতেৰে,  মোৰ এই শৰীৰেৰে,
 বহন কৰিম বহুদিন?”

( ১০ )


শুনি নিদাৰুণ বাণী,  ক্ৰোধ হৈ নৰমণি,
 তুৰ্ব্বসুক দিলে অভিশাপ,
“উপেক্ষি পিতৃৰ আজ্ঞা,  হেৰুৱাই জ্ঞান সংজ্ঞা,
 পাৰি তাপ কৰি মহাপাপ।”

( ১১ )


দেৱযানী দুই সুতে নুশুনিলে বাণী,
শৰ্ম্মিষ্ঠাৰ পুত্ৰক মাতিলে মহামানী।
‘দ্ৰুহ্য’ নামে জ্যেষ্ঠ পুত্ৰ সকলোৰে বৰ,
সমাদৰে তাক সম্বোধিলে নৰবৰ;
“মোৰ জৰা লোৱা তুমি হাজাৰ বছৰ,
ওভতাই পাবা পুনু যুবা কলেৱৰ।”
দ্ৰুহ্যয়ে বুলিলে “দেৱ। জৰাৰ সমান,
নাই আৰু দ্বিতীয়টো ৰোগৰ বিধান।
নোৱাৰিম সহিব ই জৰাৰ যাতনা,
কৰিছোঁ কাকুতি পিতৃ কৰিব মাৰ্জ্জনা?”