পৃষ্ঠা:পদ্যাৱলী.pdf/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাচাবিঙ্কা।

কাচাবিঙ্কা-

 “লি অবিয়েন্ট্' নামে কোনো এক ফ্ৰান্স যুদ্ধ-জাহাজৰ অধ্যক্ষৰ লৰা আছিল। ১৭৯৮ চনত ইংৰাজৰ লগত ফৰাচীৰ নীল নদীত যি এখন প্ৰধান জলযুদ্ধ হয়, তাতে ১লা আগষ্ট তাৰিখে এক জন জাহাজ অধ্যক্ষয়ে বিষম আঘাত পাই চিকিৎসাধীনত থাকে। এই সময় তেঁও দহ বছৰীয়া কাচাবিঙ্কা লগত আছিল। দৈব দুৰ্ব্বিপাকত তেওঁলোক থকা জাহাজ খনত জুই লাগে। প্ৰিয় লৰা বাপেকৰ সেৱা শুশ্ৰূষা কৰি কষতে বহি আছিল, এনেতে বাপেকৰো মৃত্যু ঘটে। লৰায়ে এই মৃত্যু সম্বন্ধে তেনে অনভিজ্ঞ অছিল। জাহাজৰ মানুহ পাৰলৈ পলায়। লৰাটিয়ে বাপেকৰ দ্বিতীয় আদেশ অপেক্ষা কৰি থাকোঁতে, জাহাজৰ লগে লগে মৃত বাপেকৰ সৈতে তেনে পুৰি ভস্ম হয়।

(১)


“প্ৰিয় কাচাবিঙ্কা! মোৰ জীৱন-সম্বল,
 বহা পুত্ৰ! মোৰ ওচৰত,
দেখিলে তোমাৰ মুখ, পাহৰোঁ সকলো,
 লভোঁ শান্তি দগ্ধ হৃদয়ত।”

(২)


ইদৰে সম্বোধি পুত্ৰে, মধুৰ বচনে,
 শয্যাগত জাহাজ অধ্যক্ষ,
মহা নিদ্ৰা কোল পাই, আজীৱনলৈ,
 পাহৰিলে সংসাৰৰ লক্ষ্য।